Saturday, September 3, 2011
প্রশ্ন হৈ থাকিল এনাজৰী
আজি খুব দুখ লাগিছে। সঁচা কওঁ যদি চকুপানী ওলাইছে। আমি বৰ আশাৰে খুব কষ্ট কৰি প্রাচীৰ পত্রিকা 'এনাজৰী' সাজু কৰিছিলোঁ। কলেজৰ প্রাচীৰ পত্রিকা প্রতিযোগিতাত যোৱাবাৰ প্রথম হোৱা আমাৰ বাণিজ্য বিভাগৰ এনাজৰী। প্রতিটো খোজতে খোদ বিভাগটোৰ পৰাই কিমান বাধাৰ সন্মুখীন হৈছোঁ সেয়া প্রায় সকলোৰে জ্ঞাত। সকলো অতিক্রম কৰিছিলোঁ। কিন্তু আজি কেইবাটাও তিক্ত অভিজ্ঞতা হ'ল। আমাৰ উত্সাহক দিনটোৰ ভিতৰত কিমানবাৰ যে আঘাট কৰা হ'ল! এতিয়া মাত্র সাতোটা ল'ৰা-ছোৱালীৰ কান্ধত দুঘন্টাত এনাজৰী সাজু কৰাৰ গুৰু দায়িত্ব। Departmental Day ৰ কথাতো নোকোৱাই ভাল। নাজানো এনাজৰী সময়ত হৈ উঠিবনে নাই। শৰীৰ, মন বৰ ভাগৰুৱা হৈ পৰিছে।
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment