Tuesday, November 1, 2011

অৰণ্য, নদী আৰু আমি

নৈপৰীয়া বালিত ভৰিৰ পটা সেমেকিছে
ওঁঠে ওঁঠে বাগৰি বিয়পি পৰা হাঁহিবোৰত
এবাটি লুকলাও চপ্‌চপীয়া হৈ পৰিছে

আছাৰ খাই পৰা ৰ'দজাকৰ উমাল কথা-বতৰাত
এঙামুৰি দি উঠিছে সাৱটা-সাৱটিকৈ শুই থকা
এঙেৰুৱা শিলৰ খেলিমেলি জাক
বগুৱা বাই ফুৰা মেঘৰ ছাঁত জিৰণি ল'বলৈ
ভাগৰৰ বৰ অভাৱ

আংলঙৰ সেউজীয়াবোৰ বৈ আহিছে দুচকুলৈ
বুকুলৈকে শিপাইছে মুখৰিত নিচা হৈ

মাছৰোকাটোৰ সৈতে সলাই লৈছোঁ মোৰ দুচকু
ভটীয়নি শিলঘৰীয়াৰ সন্ধানত

এই নদীৰ পানীয়ে সামৰি ৰাখে
চিৰযৌৱনৰ মহামন্ত্র
এই অৰণ্যই আৱৰি ৰাখে
হিৰণ্ময় উচ্ছাসৰ যাদুকৰী ঠিকনা

(একেলগে কঁহৰালৈ বনভোজৰ বাবে যোৱা প্রতিগৰাকী বন্ধু-বান্ধৱীৰ হাতত)