Tuesday, November 1, 2011

অৰণ্য, নদী আৰু আমি

নৈপৰীয়া বালিত ভৰিৰ পটা সেমেকিছে
ওঁঠে ওঁঠে বাগৰি বিয়পি পৰা হাঁহিবোৰত
এবাটি লুকলাও চপ্‌চপীয়া হৈ পৰিছে

আছাৰ খাই পৰা ৰ'দজাকৰ উমাল কথা-বতৰাত
এঙামুৰি দি উঠিছে সাৱটা-সাৱটিকৈ শুই থকা
এঙেৰুৱা শিলৰ খেলিমেলি জাক
বগুৱা বাই ফুৰা মেঘৰ ছাঁত জিৰণি ল'বলৈ
ভাগৰৰ বৰ অভাৱ

আংলঙৰ সেউজীয়াবোৰ বৈ আহিছে দুচকুলৈ
বুকুলৈকে শিপাইছে মুখৰিত নিচা হৈ

মাছৰোকাটোৰ সৈতে সলাই লৈছোঁ মোৰ দুচকু
ভটীয়নি শিলঘৰীয়াৰ সন্ধানত

এই নদীৰ পানীয়ে সামৰি ৰাখে
চিৰযৌৱনৰ মহামন্ত্র
এই অৰণ্যই আৱৰি ৰাখে
হিৰণ্ময় উচ্ছাসৰ যাদুকৰী ঠিকনা

(একেলগে কঁহৰালৈ বনভোজৰ বাবে যোৱা প্রতিগৰাকী বন্ধু-বান্ধৱীৰ হাতত)

Saturday, September 3, 2011

প্রশ্ন হৈ থাকিল এনাজৰী

আজি খুব দুখ লাগিছে। সঁচা কওঁ যদি চকুপানী ওলাইছে। আমি বৰ আশাৰে খুব কষ্ট কৰি প্রাচীৰ পত্রিকা 'এনাজৰী' সাজু কৰিছিলোঁ। কলেজৰ প্রাচীৰ পত্রিকা প্রতিযোগিতাত যোৱাবাৰ প্রথম হোৱা আমাৰ বাণিজ্য বিভাগৰ এনাজৰী। প্রতিটো খোজতে খোদ বিভাগটোৰ পৰাই কিমান বাধাৰ সন্মুখীন হৈছোঁ সেয়া প্রায় সকলোৰে জ্ঞাত। সকলো অতিক্রম কৰিছিলোঁ। কিন্তু আজি কেইবাটাও তিক্ত অভিজ্ঞতা হ'ল। আমাৰ উত্‍সাহক দিনটোৰ ভিতৰত কিমানবাৰ যে আঘাট কৰা হ'ল! এতিয়া মাত্র সাতোটা ল'ৰা-ছোৱালীৰ কান্ধত দুঘন্টাত এনাজৰী সাজু কৰাৰ গুৰু দায়িত্ব। Departmental Day ৰ কথাতো নোকোৱাই ভাল। নাজানো এনাজৰী সময়ত হৈ উঠিবনে নাই। শৰীৰ, মন বৰ ভাগৰুৱা হৈ পৰিছে।

Sunday, August 28, 2011

অনুভৱৰ দুশাৰীমান

কলেজৰ দিনবোৰ সঁচাকৈ বৰ ধুনীয়া, মনোৰম। প্রতিটো দিনেই কিমান নতুন, কিমান সতেজ! জীৱনৰ পঢ়াশালিৰ বহুতো নতুন, শিকিবলগা সৰু-বৰ কথাৰ মেটমৰা বোজা লৈ নতুন একোটা দিনৰ আৰম্ভণি ঘটে। বহুতো ন-পুৰণি অনুভৱ-অনুভূতিক সামৰি প্রতিটো দিনে বিদায় লয়। এখোজ-দুখোজকৈ পৰিপক্কতাৰ দিশত আমি আগুৱাই যাওঁ।

কিমানবোৰ চিন্তা, কত দুঃচিন্তা! তাৰ মাজতো ৰং-ধেমালি কৰোঁ আমি। সাময়িকভাৱে পাহৰি যাওঁ বাস্তৱ জীৱনৰ ৰুক্ষতা। আৰু যে সেই সদায় মুখত হাঁহি এমোকোৰা লৈ থকা বন্ধু-বান্ধৱীকেইটা!! সিহঁতৰ সৈতে কিমান হেঁপাহেৰে ভগাই লওঁ এধানমান সুখ, কিমান আপোন ভাবেৰে লওঁ দুখৰ পিয়লাৰ ভাগ!

ঠিকেই কয় সকলোৱে ---- No College, No Knowledge.

Saturday, August 27, 2011

দিনলিপি ১

আজি নিখিলৰ ৰূমত বাকী থকা খুটিনাটি কাম কৰা হ'ল। শশাংক, ত্রিদীপ, ধৃতব্রত, দীপাশ্রী আৰু শ্রাৱণীও আছিল। প্রয়াসৰ কাম প্রায় শেষ। অলপ শান্তি পাইছোঁ এতিয়া।

Friday, August 19, 2011

Sunday, August 14, 2011

চিন্তা হৈছে

আমাৰ বিভাগীয় হাতেলিখা আলোচনী 'প্রয়াস'ৰ কাম প্রায় হৈছেগৈ যদিও প্রাচীৰ পত্রিকা 'এনাজৰী'ৰ কাম হাততেই লোৱা হোৱা নাই। কি যে হ'ব!